शुक्रवार, 24 जनवरी 2014

pidaa

 

meri kavitaaon ka anuvaad

 

1-তুমি ঠিকেই কৈছিলা

তুমি ঠিকেই কৈছিলা….
তুমি ঠিকেই কৈছিলা
মানুহ অকলশৰীয়া নহয়
তেওঁৰ লগত থাকে তেওঁৰ কল্পনা
কিন্তু তুমি মোৰ কল্পনাত
এটা এটাকৈ
শব্দৰ দৰে কিয় আহি আছা
কোনো গছৰ কথা মোৰ মনত নাই পৰা
নাইবা কোনো ৰাষ্টা দৌৰি
মোৰ পিছে পিছে নাই অহা
এই জীৱনৰ অন্তিম লক্ষ্য
নিবিচাৰিলেও মৃত্যু পাবই লাগিব
এই অপৰিচিত, অজ্ঞাত, টোপালত
তোমাৰ উপস্থিতি…
চিনাকী মহাসাগৰৰ লহৰৰ
বিশাল বাহুৰ দৰে লাগিছে
মোৰ চিন্তাৰ বিয়পি থকা
প্ৰতিটো কণাত তোমাক
পাহাৰৰ ৰমণীয় উপত্যকাৰ দৰে
বিয়পা যেন দেখা গৈছে তোমাক
যদি মই চিন্তাবোৰ জোকাৰিও দিওঁ
তথাপি তুমি
মোৰ শূণ্যতাৰ পৰিধিৰ
কিয় হৈ পৰিব ধৰিছা কেন্দ্ৰ
মই যিমানেই লুকাই সূক্ষ্মৰ পৰা সূক্ষ্মতৰ
হ’বলৈ চেষ্টা কৰিছো
সিমানেই তুমি
মোলৈ আকাশত উৰি থকা মেঘৰ সৈতে মিলি
গঠিত এটি আকৃতিৰ দৰে
মোহনীয়া আৰু সুন্দৰ হৈ পৰিছা
শব্দ, শূণ্যতাৰ
সিপাৰেও কিবা সম্বন্ধ আছেনে..?
যাৰ কোনো নাম নাই?

মূল: (হিন্দী) কবি কিশোৰ কুমাৰ খৰেন্দ্ৰ

অনু: ডঃ মাখন লাল দাস


2-পীড়া




পীড়া...
নিজলৈ জাগিল বিতৃষ্ণা
আয়নালৈ চায়েই
মই মোৰ মুখ ঘূৰাই দিলো
সূৰুযমুখীৰ চেহেৰা
লাগিছে যেন উকা
যেন হৈ পৰিছে
সি পাণ্ডু ৰুগীয়া
প্ৰথমবাৰ অনুভৱ হ’ল
গছত গোলাপৰ ওপৰিও
বহু জোঙাল কাঁইটো থাকে
সৰি যায় পাহিবোৰ
হ’লে সন্ধিয়া
কাঁইটে বিন্ধিছিল
ৰ’দৰ কোমল আঙুলি
বসন্তৰ ওপৰিও
শৰতকালো আছে
যেতিয়া নোহোৱা হৈ যায়
পাত শুকান আৰু হালধীয়া
কিমান ব্যক্তিগত আৰু গোপনীয়
প্ৰতিজন লোকৰ পীড়া
ইচ্ছা কৰিও তাক তেওঁ
ভগাই দিব নোৱাৰে
অকলশৰেই নিজ দুখবোৰ
তেওঁ হয় ব’বলগীয়া
প্ৰেম অনুভৱ কৰাৰো
আছে এক সীমা
আজি ঝংকাৰিত হোৱা নাই
মোৰ মনৰ বীণা
শৰীৰ আৰু মনৰ বেদনাৰ
পৰশ নপৰা আৰু উৰ্দ্ধত
আত্মাৰে আত্মাৰ পৱিত্ৰ সম্বন্ধ
এই বোধ হোৱাৰ পাছতো
আজি লিখিব নোৱাৰিলো
মই এটি নতুন কবিতা
মূল: (হিন্দী)কিশোৰ কুমাৰ খোৰেন্দ্ৰ
অনু: ডঃ মাখন লাল দাস

कोई टिप्पणी नहीं: